PEDRO PARDO / AFP

চিপিজে নিৰাপত্তা পৰামৰ্শৱলীঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাতৰি পৰিবেশন

২০ মে, ২০২১ ত আপডেট কৰা হৈছে

বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’) ই ১১ মাৰ্চ, ২০২০ ত ক’ভিড-১৯ (ন’ভেল ক’ৰোনা ভাইৰাছ) ৰ প্ৰাদুৰ্ভাবক অতিমাৰী হিচাপে ঘোষণা কৰে। বাতৰি অনুসৰি এই গোলকীয় পৰিস্থিতিৰ বিবৰ্তন অব্যাহত আছে আৰু ক’ৰোনাভাইৰাছৰ নতুন প্ৰজাতি চিনাক্ত হোৱা আৰু ক’ভিড-১৯ ৰ টিকাদান কাৰ্য্যক্ৰম তীব্ৰ গতিত আগবঢ়াৰ পৰিপ্ৰেক্ষিতত দেশসমূহে তেওঁলোকৰ ভ্ৰমণৰ ক্ষেত্ৰত বলবৎ থকা নিষেধাজ্ঞা আৰু/বা সুৰক্ষা-সম্পৰ্কীয় ব্যৱস্থাসমূহ বৃদ্ধি বা শিথিল কৰি আছে।

চিপিজেৰ নথিভুক্ত তথ্য অনুসৰি বহুকেইখন ৰাষ্ট্ৰৰ কৰ্তৃপক্ষসমূহে স্বতন্ত্ৰ বাতৰি পৰিবেশন আৰু তথ্য লাভক প্ৰশমন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা সত্বেও, এই মহামাৰী আৰু ইয়াক প্ৰতিহত কৰিবলৈ চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত ৰাইজক অৱগত কৰি ৰাখিবলৈ বিশ্বজুৰি সাংবাদিকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। সাংবাদিকসকলৰ সৈতে চিপিজেৰ সাক্ষাৎকাৰ অনুসৰি, সংবাদ মাধ্যমৰ সদস্যসকলে বিৰাট চাপ আৰু কষ্টৰ সন্মুখীন হৈ আছে আৰু ভ্ৰমণ, সাক্ষাৎ গ্ৰহণ আৰু তেওঁলোকৰ কৰ্ম স্থানৰ জৰিয়তে প্ৰায়েই সংক্ৰমিত হোৱাৰ আশংকা থাকে। চিপিজেৰ শেহতীয়া বাতৰিত উল্লেখ কৰা অনুসৰি, ক’ভিড-১৯ ৰ বাবে সাংবাদিকসকলে চেন্সৰশ্বীপ, ডিটেনশ্যন, শাৰীৰিক আৰু অনলাইন আতিশয্যৰ মুখামুখি হোৱাৰ উপৰিও কৰ্মসংস্থানো হেৰুৱাবলগীয়া হৈছে।

শেহতীয়া পৰামৰ্শ আৰু নিষেধাজ্ঞাসমূহৰ সন্দৰ্ভত অৱগত হৈ থাকিবলৈ, প্ৰাদুৰ্ভাবটোৰ বাতৰি পৰিবেশন কৰা সাংবাদিকসকলে ডব্লিউএইচঅ’ আৰু তেওঁলোকৰ স্থানীয় জন স্বাস্থ্য সংস্থাৰ তথ্য নিৰীক্ষণ কৰা উচিত। এই প্ৰাদুৰ্ভাবৰ ঘটনাক্ৰমৰ শেহতীয়া তথ্যৰ অৰ্থে জন হপকিন্স বিশ্ববিদ্যালয় ক’ৰোনা ভাইৰাছ ৰিচ’ৰ্ছ চেন্টাৰ হৈছে সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য সংস্থা।

কৰ্মস্থানত সুৰক্ষিত থাকক 

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত বলবৎ কৰা নিষেধাজ্ঞা আৰু/বা সুৰক্ষা-সম্পৰ্কীয় ব্যৱস্থাৰাজি সঘনাই সলনি হৈ থকাৰ পৰিপ্ৰেক্ষিতত, এচাইনমেন্টসমূহ চমু জাননী বা জাননী বিহীনভাৱেই সলনি বা বাতিল হ’ব পাৰে।

ইউ.এছ. চেন্টাৰ্ছ ফৰ ডিজেছ কনট্ৰ’ল এণ্ড প্ৰিভেনশ্যন (চিডিচি)ৰ মতে, ভেকচিন লোৱা সত্বেও সংবাদ কৰ্মীসকলে যে ভাইৰাছটো সংক্ৰমিত কৰিব পাৰে, তেওঁলোকে সেই কথা মনত ৰখা উচিত আৰু ইয়েল মেডিচিনৰ মতে, ভাইৰাছটোৰ ভিন্ন প্ৰজাতিসমূহৰ বিৰুদ্ধে বিভিন্ন ভেকচিনে ভিন্ন স্তৰৰ সুৰক্ষা বহন কৰে। সেয়ে, শাৰীৰিক দূৰত্ব আৰু ফেচ মাস্ক পৰিধানৰ দৰে ক’ভিড-১৯ সম্পৰ্কীয় সুৰক্ষা ব্যৱস্থা মানি চলা উচিত। ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাবৰ বাতৰি পৰিবেশন কৰিবলৈ মন মেলাসকলে নিম্নোক্ত নিৰাপত্তাজনিত বাৰ্তাসমূহ মনত ৰখাটো উচিতঃ

এচাইনমেন্টৰ পূৰ্বে

কোনো এচাইনমেন্টৰ পূৰ্বে উপলব্ধ তথা আপোনাৰ বাবে সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত ক’ভিড-১৯ ৰ টিকাগ্ৰহণৰ কথা বিবেচনা কৰিব, বিশেষকৈ আপুনি যদি  কাম কৰা বা ভ্ৰমণ কৰা অঞ্চলত সংক্ৰমণৰ হাৰ অধিক থাকে।

আপোনাৰ কৰ্মস্থান আৰু লক্ষ্যস্থানত সংক্ৰমণৰ হাৰৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি সংক্ৰমণ আৰু/বা সংস্পৰ্শৰ বিপদ সংকুলতা হ্ৰাস কৰিবলৈ সোশৰীৰৰ বিপৰীতে টেলিফোনিক বা অনলাইন সাক্ষাৎকাৰ গ্ৰহণ কৰা উচিত 

চিডিচিৰ মতে, বয়সস্থ লোক আৰু ডায়েবেটিছ বা মেদবহুলতাৰ দৰে দুৰ্বল স্বাস্থ্যৰ ব্যক্তিক অতি বিপদ সংকুল হিচাপে গণ্য কৰা হয়। যদি আপুনি এনে শ্ৰেণীত পৰে, আৰু সংক্ৰমণৰ হাৰৰ ওপৰত ভিত্তি কৰি, সাধাৰণ নাগৰিকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিবলগীয়া হোৱা যিকোনো এচাইনমেন্টত আপুনি অংশগ্ৰহণ নকৰাই উচিত হ’ব। গৰ্ভৱতী কৰ্মচাৰীকো ৰেহাই দিব লাগিব। 

দ্য নিউয়ৰ্ক টাইমছে দৃষ্টিগোচৰ কৰা মতে সম্ভাৱ্য বৰ্ণবাদী আক্ৰমণৰ বিষয়টো সম্পৰ্কে, ক’ভিড-১৯ ৰ সংক্ৰমণৰ ওপৰত বাতৰি পৰিবেশন কৰিবলৈ ষ্টাফ বাছনি কৰাৰ ক্ষেত্ৰত পৰিচালন কৰ্তৃপক্ষ সচেতন হ’ব লাগিব।

চমু সতৰ্কতা বা সতৰ্কতা জাৰি অবিহনেই গোলকীয় ভ্ৰমণ নিষেধাজ্ঞা বলবৎকৰণ আৰু লকডাউনৰ ব্যৱস্থাৰাজি সলনি হ’ব পাৰে। এচাইনমেন্টৰ সময়ত আপুনি অসুস্থ হৈ পৰিলে আপোনাৰ মেনেজমেন্টৰ লোকে আপোনাক কিদৰে সহায় আৰু সমৰ্থন জনাবলৈ পৰিকল্পনা কৰিছে সেই বিষয়ে আলোচনা কৰক; এক দীঘলীয়া সময়ৰ কাৰণে ছেল্ফ-আইছ’লেচন আৰু/বা কোৱাৰেন্টাইন/লকডাউন জ’নত পৰ্যবসিত হোৱাৰ সম্ভাৱনা সন্দৰ্ভতো আলোচনা কৰিব।

মনস্তাত্ত্বিক কল্যাণ

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ৰয়টাৰ্ছ ইনষ্টিটিউটৰ মতে, ক’ভিড-১৯ মহামাৰীটো সন্দৰ্ভত বাতৰি পৰিবেশন কৰি থাকোতে আনকি অতিশয় অভিজ্ঞ সাংবাদিকসকলেও মানসিকভাৱে সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে। সাংবাদিকসকলে কিদৰে পৰিস্থিতিৰ মোকাবিলা কৰি আছে সেয়া প্ৰত্যক্ষ কৰিবলৈ পৰিচালন কৰ্তৃপক্ষই তেওঁলোকৰ সাংবাদিকসকলক নিয়মীয়াভাৱে পৰীক্ষা কৰা উচিত আৰু যদি আৰু যেতিয়া প্ৰয়োজন হয়, তেতিয়া পৰামৰ্শ আৰু সহায়তা আগবঢ়াব লাগে

ক’ভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত স্থান বা এলেকাৰপৰা বাতৰি পৰিবেশনৰ সম্ভাৱ্য মনস্তাত্ত্বিক প্ৰভাৱ সম্পৰ্কত বিবেচনা কৰক, বিশেষকৈ যদি এখন চিকিৎসালয় বা আইছ’লেচনৰ ব্যৱস্থা থকা, বা লকডাউন জ’নৰপৰা ৰিপ’ৰ্টিং কৰে। সংবাদ মাধ্যমৰ কৰ্মীসকলৰ কাৰণে সংকটপূৰ্ণ পৰিস্থিতিত বাতৰি পৰিবেশন সম্পৰ্কীয় দৰকাৰী সমল ডাৰ্ট চেন্টাৰ ফৰ জাৰ্নেলিজিম এণ্ড ট্ৰমাৰ জৰিয়তে বিচাৰি পাব। ক’ভিড-১৯ ৰ বাতৰি পৰিবেশন কৰা সাংবাদিকসকলৰ অৰ্থে মানসিক স্বাস্থ্য সম্পৰ্কীয় উত্তম পন্থাকে ধৰি বাহ্যিক সুৰক্ষা সমলসমূহৰ অৰ্থে, চিপিজেৰ ইমাৰ্জেন্সী পেজ চাওঁক

সংক্ৰমণ আৰু আনক সংক্ৰমিত কৰাৰপৰা আঁতৰি থাকক

যদিও আপুনি থকা দেশৰ ওপৰত ভিত্তি কৰি প্ৰস্তাৱিত দূৰত্ব ভিন্ন হ’ব পাৰে, তথাপিতো বহু দেশেই এতিয়া সামাজিক/শাৰীৰিক দূৰত্ব বজাই ৰখা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। যদি নিম্ন উল্লেখিত অতি-বিপদ সংকুল স্থানৰপৰা বাতৰি পৰিবেশন কৰিছে, সেই স্থানত স্বাস্থ্যবিধিৰ ব্যৱস্থা আছে নে নাই সেয়া আগতীয়াকৈ অনুসন্ধান কৰক। যদি কোনো সন্দেহ থাকে, তেতিয়া তেনেস্থানলৈ নাযাব।

● যিকোনো ধৰণৰ হেল্থকেয়াৰ ব্যৱস্থা

● বৃদ্ধ লোকৰ কাৰণে কেয়াৰ হ’ম

অসুস্থ, প্রৌঢ়, গৰ্ভৱতী বা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰে সহবাস কৰা লোকৰ গৃহ 

সম্ভাৱ্য অধিক সংক্ৰমণ বিবেচিত কোনো কৰ্মস্থান (অৰ্থাৎঃ মাংস সংসাধন প্লান্ট)

● মৰ্গ, শৱগৃহ, স্মশান বা অন্ত্যেষ্টিক্রিয়া সেৱা

● কোৱাৰেন্টাইন, আইছ’লেশ্যন বা লকডাউন জ’ন

● ঘন বসতিপূৰ্ণ চহৰীয়া আবাসস্থলী (অৰ্থাৎঃ বস্তি বা গলি)

ক’ভিড-১৯ ৰ ঘটনা লাভ কৰা শৰণাৰ্থী শিবিৰ বা কাৰাগাৰ/ডিটেনশ্যন চেন্টাৰ

সংক্ৰমণৰপৰা হাত সাৰিবলৈ সাধাৰণ পৰামৰ্শাৱলীয়ে সামৰি লোৱা দিশবোৰঃ

সকলোৰে সৈতে প্ৰস্তাৱিত নিৰাপদ শাৰীৰিক দূৰত্ব মানি চলক, যি স্থানীয় কৰ্তৃপক্ষসমূহৰ পৰামৰ্শ সাপেক্ষে ভিন্ন হ’ব পাৰে। কাহ আৰু হাঁচিৰ লেখীয়া স্বাস-প্ৰশ্বাসজনিত অসুস্থতাৰ কোনো চিন বা লক্ষণ থকা লোকৰ ওচৰত আৰু/বা বয়স্কসকল, দুৰ্বল স্বাস্থ্যৰ লোক, ৰোগৰ লক্ষণে দেখা দিয়া ব্যক্তিৰ সম্পৰ্কীয় কোনো লোক, ক’ভিড-১৯ ৰোগীক চিকিৎসা কৰা স্বাস্থ্য কৰ্মী বা অতি-বিপদ সংকুল স্থানৰ কৰ্মীৰ সাক্ষাতকাৰৰ সময়ত বিশেষকৈ আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগে

বাহিৰৰ মুকলি স্থানত মানুহৰ সাক্ষাৎগ্ৰহণৰ চেষ্টা কৰক। যদি আপুনি ভিতৰত সাক্ষাৎগ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰে, তেতিয়া বায়ু চলাচল হৈ থকা স্থান (অৰ্থাৎ: খোলা খিৰিকী) বাছনি কৰক আৰু সৰু বন্ধ স্থান পৰিহাৰ কৰক 

কাৰোবাৰ সৈতে কৰমৰ্দন, আলিঙ্গন আৰু চুম্বনৰপৰা বিৰত থাকক

● সাক্ষাৎগ্ৰহণৰ সময়ছোৱাত ব্যক্তিৰ মুখামুখিৰ পৰিৱৰ্তে কোণীয়াকৈ অৱস্থান কৰাৰ চেষ্টা কৰিব, সদায়েই অনুমোদিত নিৰাপদ শাৰীৰিক দূৰত্ব বজাই ৰাখিব

গৰম পানী আৰু চাবোন ব্যৱহাৰ কৰি এবাৰত অতি কমেও ২০ ছেকেণ্ডৰ কাৰণে নিয়মীয়াকৈ, সঠিকভাৱে আৰু সম্পূৰ্ণকৈ আপোনাৰ হাত ধোৱক। সঠিকধৰণেৰে আপোনাৰ হাত শুকুৱাটো সুনিশ্চিত কৰক। ডব্লিউএইচঅ’ৰ ৱেবচাইটত আপোনাৰ হাত কেনেকৈ ধুব লাগে আৰু শুকুৱাব লাগে তাৰ অতি দৰকাৰী নিৰ্দেশনা লাভ কৰিবপৰা যাব

যদি গৰম পানী আৰু চাবোন উপলব্ধ নহয় তেতিয়া বেক্টেৰিয়া-নাশক জেল বা টিছু ব্যৱহাৰ কৰক, কিন্তু তাৰ পাছত সদায়েই যিমানদূৰ সম্ভৱ সোনকালে গৰম পানী আৰু চাবোনেৰে ধোৱাৰ অভ্যাস কৰিব। (চিডিচিয়ে ৬০% ইথানল বা ৭০% আইছ’প্ৰপানলতকৈ বেছি এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে।) নিয়মিত হাত ধোৱা ৰুটীনৰ বিকল্প হিচাপে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰৰ অভ্যাস নকৰিব

কাহ আৰু হাঁচি মাৰোতে সদায়েই আপোনাৰ মুখ আৰু নাক ঢাকি ল’ব। যদি আপুনি টিছুৰে ঢাকি কাহ বা হাঁচি মাৰে, নিৰাপদ আৰু যথোপযুক্ত ধৰণেৰে ইয়াক তাৎক্ষণিকভাৱে নষ্ট কৰি পেলাব আৰু ইয়াৰ পাছত সম্পূৰ্ণকৈ আপোনাৰ হাত ধুবলৈ নাপাহৰিব

বিবিচিৰদ্বাৰা দৃষ্টিগোচৰ কৰোৱা অনুসৰি, আপোনাৰ মুখমণ্ডল, নাক, মুখগহ্বৰ, কাণ আদি স্পৰ্শ কৰাৰপৰা বিৰত থাকক

আন লোকৰ সংস্পৰ্শলৈ অহাৰ আশংকা থকা কাপ, মাটিৰ পাত্ৰ বা চামুচেৰে খোৱা-পিয়া পৰিহাৰ কৰক

চুলি সম্পূৰ্ণভাৱে আৱৰি লওঁক। দীঘল চুলি বান্ধি আৰু কোঁচাই ল’ব লাগে

এচাইনমেন্টৰ পূৰ্বে সকলোবোৰ আ-অলংকাৰ আৰু ঘড়ী খুলি পেলাব, মনত ৰাখিব যে ক’ভিড-১৯ ভাইৰাছে ভিন্ন সময়সীমালৈ বিভিন্ন প্ৰকাৰৰ পৃষ্ঠত সজীৱ হৈ থাকিব পাৰে

যদি আপুনি চছমা পৰিধান কৰে, ইয়াক নিয়মিতভাৱে গৰম পানী আৰু চাবোনেৰে সযতনে পৰিস্কাৰ কৰি থাকিব

 আপোনাৰ চকুজুৰি স্পৰ্শ আৰু আপোনাৰ সংক্ৰমণৰ অধিক সম্ভাৱনাৰ বাবে সম্ভৱ হ’লে এচাইনমেন্টত কনটেক্ট লেন্স পৰিধানৰপৰা বিৰত থাকক

আপুনি কি পোছাক পৰিধান কৰিব সেয়া ঠিক কৰি ল’ব; এইটো কথাত গুৰুত্ব দিব যে নিৰ্দিষ্ট সূতাৰে তৈয়াৰী কাপোৰ কিছুমান আনবোৰৰ তুলনাত সহজেই পৰিস্কাৰ কৰিব পাৰি। কোনো এচাইনমেন্টৰ পাছত সকলো কাপোৰ ডিটাৰজেন্টৰে উচ্চ উষ্ণতাত ধুই পেলাব লাগে

● সম্ভৱ হ’লে, এচাইনমেন্টত নগদ ধন ব্যৱহাৰ নকৰিব আৰু নকৰিবলৈ চেষ্টা কৰিব আৰু আপুনি নিয়মীয়াভাৱে আপোনাৰ ক্ৰেডিট/ডেবিট কাৰ্ড, ৱালেট আৰু/বা পাৰ্ছ পৰিস্কাৰ কৰাটো নিশ্চিত কৰিব। যিমান সম্ভৱ সিমান আপোনাৰ পকেটত হাত সোমোৱাৰপৰা বিৰত থাকিব

এচাইনমেন্টত অহা-যোৱা কৰোতে ব্যৱহাৰ কৰা পৰিবহণৰ প্ৰকাৰ বিবেচনা কৰিব। সম্ভৱ হ’লে ভিৰ থকা সময়ত ৰাজহুৱা পৰিবহণত ভ্ৰমণৰপৰা বিৰত থাকিব আৰু নমাৰ সময়ত হাতত এলকহল জেল ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব

● যদি ব্যক্তিগত বা কোম্পানীৰ বাহনেৰে যাত্ৰা কৰে, তেতিয়া এই ক্ষেত্ৰত সজাগ থাকিব যে এজন সংক্ৰমিত ব্যক্তিয়ে বাহনৰ ভিতৰতে আনজনলৈ ভাইৰাছটো বিয়পাব পাৰে। সমগ্ৰ বাহনখনতে বতাহৰ সু-চলাচল নিশ্চিত কৰিবলৈ খিৰিকীৰ গ্লাছ নমাই ভ্ৰমণ কৰিব আৰু বাহনত ফেচ ক’ভাৰ বা ফেচ মাস্ক ব্যৱহাৰৰ কথা বিবেচনা কৰিব

কিছু সময়ৰ মূৰে-মূৰে জিৰণি ল’ব আৰু অৱসাদ/ শক্তিৰ স্তৰ সন্দৰ্ভত সতৰ্ক হ’ব, এইটোত গুৰুত্ব দিব যে ক্লান্ত লোকসকলে তেওঁলোকৰ স্বাস্থ্যবিধি সম্পৰ্কত খুবেই ভুল কৰি পেলায়। তাৰ উপৰি আৰু এটা কাৰক হৈছে যে তেনে লোকসকলে কামৰ আগত আৰু পাছত দীৰ্ঘ দূৰত্ব ড্ৰাইভ কৰিব লগা হ’ব পাৰে 

মেডিকেল ব্যক্তিগত প্ৰতিৰক্ষামূলক সা-সঁজুলি (পিপিই)

এচাইনমেন্টৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি, নিৰাপদভাৱে বাতৰি পৰিবেশন কৰিবলৈ সংবাদ কৰ্মীসকলে ভিন্ন মেডিকেল পিপিই পৰিধান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে। এইসমূহ হ’ব পাৰেঃ ডিছপ’জেবল গ্ল’ভছ, ফেচ মাস্ক, প্ৰতিৰক্ষামূলক এপ্ৰন/অ’ভাৰেল/ব’ডিচ্যুট আৰু ডিছপ’জেবল শ্ব’ ক’ভাৰ ইত্যাদি।

মেডিকেল পিপিইৰ নিৰাপদ পৰিধান (ডনিং) আৰু খোলা (ডফিং) কাৰ্যত কটকটীয়া নিৰাপত্তা বিধি পালন কৰা আৰু মানি চলাটো প্ৰয়োজনীয়। অনুগ্ৰহ কৰি চিডিচিৰ সাধাৰণ নিৰ্দেশনাৰ কাৰণে ইয়াত ক্লিক কৰক। পিপিই খোলা (ডফিং) কাৰ্যত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত কিয়নো ইয়াত প্ৰদূষিত হোৱাৰ সম্ভাৱনা প্ৰবল। এইক্ষেত্ৰত কোনো সন্দেহ থাকিলে, এচাইনমেন্টলৈ যোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ আৰু প্ৰশিক্ষণ ল’ব।

অনুগ্ৰহ কৰি মন কৰিব যে কিছুমান দেশত উৎকৃষ্ট মানদণ্ডৰ মেডিকেল পিপিইৰ যোগান আৰু/বা উৎস সীমিত হ’ব পাৰে, সেয়ে এনে সা-সঁজুলিৰ ব্যৱহাৰে নাটনিৰ সৃষ্টি কৰিব পাৰে।

● যিকোনো ব্যৱহৃত পিপিই আপোনাৰ বাবে সঠিক জোখৰ হোৱাটো নিশ্চিত কৰিব। খাপ নোখোৱা পিপিই ফাটি যাব পাৰে আৰু/বা আহ-যাহত বাধাৰ সৃষ্টি কৰিব পাৰে (যদি অধিক টান হয়) আৰু দুৱাৰৰ হেণ্ডেলৰ দৰে বস্তুত লাগি ধৰিব আৰু ফাটি যাব পাৰে (যদি অধিক ঢিলা হয়)

● সদায় বিশিষ্ট ব্ৰেণ্ডৰ মেডিকেল পিপিই ব্যৱহাৰ কৰিব, ন্যূনতম প্ৰয়োজনীয় নিৰাপত্তা বৈশিষ্ট্যৰাজিৰ ওপৰত মনোযোগ দিব। ক্ৰুটিপূৰ্ণ আৰু/বা নকল সা-সামগ্ৰীক লৈ সজাগ হ’ব। ইয়াত শীৰ্ষস্থানীয় আৰু অতিশয় বিশিষ্ট ব্ৰেণ্ডসমূহ চাব পাৰিব 

● চিকিৎসা প্ৰদান ব্যৱস্থাৰ দৰে সংক্ৰমিত ক্ষেত্ৰত যদি কাম কৰে বা তালৈ যায় তেন্তে প্ৰতিৰক্ষামূলক গ্ল’ভছ ব্যৱহাৰ কৰক। নাইট্রাইল গ্ল’ভছৰ সুৰক্ষা লেটেক্সতকৈ অধিক। দুযোৰ পৰিধান কৰিলে সুৰক্ষা বৃদ্ধি পায়

● চিকিৎসা প্ৰদান ব্যৱস্থাৰ দৰে অধিক বিপদসংকুল স্থানৰপৰা বাতৰি পৰিবেশন কৰিলে ফুল বডিছ্যুট আৰু ফুল ফেচ মাস্কৰ দৰে অতিৰিক্ত মেডিকেল পিপিইয়ো প্ৰায় নিশ্চিতভাৱে প্ৰয়োজনীয় হ’ব

● ফুল বডি ক’ভাৰেল পৰিধান কৰিলে, আপুনি পিপিই ধাৰণৰ পূৰ্বে পায়খানা ব্যৱহাৰ নিশ্চিত কৰিব 

● এচাইনমেন্টৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি ডিছপ’জেবল ফুটৱেৰ পৰিধান বা ৱাটাৰপ্ৰুফ অ’ভাৰশ্বু ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হ’ব পাৰে। আপুনি প্ৰভাৱিত স্থান এৰাৰ লগে লগে দুয়োটা মচি পেলোৱাটো বাঞ্চনীয়। যদি ৱাটাৰপ্ৰুফ অ’ভাৰশ্বু ব্যৱহাৰ কৰে, সেই স্থান এৰাৰ পূৰ্বে সেয়া নিৰাপদ পদ্ধতিৰে বিনষ্ট কৰিব লাগিব

● মেডিকেল পিপিইয়ে সংক্ৰমণ ঘটাব পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবোৰৰ পৰিধান/খোলা কাৰ্য্য প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ নিৰীক্ষণত সমাপনৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। চিডিচিৰ এই ডনিং আৰু ডফিঙৰ ভিডিঅ’ সহায়ক হ’ব পাৰে যদিও প্ৰশিক্ষণ/নিৰীক্ষণৰ বাবে ইয়াক ব্যৱহাৰ কৰাটো উচিত নহ’ব

● গ্ল’ভছ, ব’ডিচ্যুট, এপ্ৰন বা শ্ব’ ক’ভাৰৰ দৰে এবাৰ-ব্যৱহৃত পিপিই কেতিয়াও পুনৰ ব্যৱহাৰ নকৰিব। কোনো সা-সঁজুলি পুনৰ ব্যৱহাৰ কৰিবলগীয়া হ’লে যথোচিতভাৱে পৰিস্কাৰ আৰু ছেনিটাইজ অৱশ্যেই কৰিব। প্ৰভাৱিত অঞ্চলৰপৰা অহাৰ পূৰ্বে সকলো প্ৰদূষিত মেডিকেল পিপিই যথোচিতভাৱে আঁতৰ অৱশ্যেই কৰিব

ফেচ মাস্ক

অৱৰুদ্ধ ক্ষেত্ৰ আৰু/বা অধিক বিপদ সংকুল স্থানত আন সাধাৰণ লোকতকৈ সংবাদ কৰ্মীসকলৰ বাবে ফেচ মাস্কৰ সঠিক ব্যৱহাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। আপুনি জ্ঞাত হোৱা উচিত যে অৱৰুদ্ধ ক্ষেত্ৰৰ বায়ুত ভাইৰেল কণিকাৰ উপস্থিতি সাধাৰণতকৈ সম্ভৱতঃ অধিক বেছি থাকিব পাৰে, সেয়েহে আপোনালৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক।

মন কৰিব যে সঠিকভাৱে মাস্ক ব্যৱহাৰ নকৰিলে, ই প্ৰকৃতপক্ষে সংক্ৰমণৰ এটা উৎস হৈ উঠিব পাৰে। দ্য ল্যানচেটৰ এটি অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, অনাবৰণ (exposure) ৰ পাছত সাত দিনলৈকে ছাৰ্জিকেল মাস্কত সংক্ৰামক ভাইৰাছৰ চিনাক্ত কৰিবপৰা স্তৰৰ উপস্থিতি ধৰা পৰিছে। এই অধ্যয়নৰ ওপৰত ভিত্তি কৰি, মাস্ক খোলা বা ইয়াৰ পুনৰ ব্যৱহাৰ বা ইয়াক পৰিধানৰ সময়ত আপোনাৰ মুখমণ্ডল স্পৰ্শ কৰোতে সংক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈ পৰে।

যদি আপুনি মাস্ক পৰিধান কৰে আপুনি তলত উল্লেখ কৰা উপদেশসমূহ মানি চলকঃ

● অৱৰুদ্ধ ক্ষেত্ৰ, আন কোনো লোক বা অতি-বিপদ সংকুল স্থানৰ নিকট সংস্পৰ্শৰপৰা বাতৰি পৰিবেশন কৰিলে মানক ‘চাৰ্জিকেল’ মাস্কৰ বিপৰীতে N95 মাস্ক (বা FFP2 / FFP3) ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে

● নাক আৰু থুঁতৰিৰ মাজত মাস্কটো নিৰাপদে খাপ খাই পৰা, খাপ খোৱাৰ ফাঁক হ্ৰাস কৰাটো নিশ্চিত কৰিব 

● মুখমণ্ডলত ভালদৰে খাপ খাই পৰাটো নিশ্চিতকৰণৰ অৰ্থে মুখমণ্ডলৰ নোম আঁতৰ কৰাটো নিশ্চিত কৰিব।

● ফেচ মাস্কৰ সুৰক্ষা কঠোৰভাৱে মানি চলাটো অপৰিহাৰ্য্য। মাস্কটোৰ সন্মুখভাগ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক, মাত্ৰ ফিঁটাত ধৰিহে ইয়াক খোলক আৰু বিশেষ আৱশ্যক নহ’লে মাস্কটো সমাযোজন (adjusting) ৰপৰা বিৰত থাকক। হাতজুৰি মাস্কটোৰ সংস্পৰ্শলৈ আহিলে হাত দুখন ধুই পেলাব।

● মাস্কৰ পুনৰ ব্যৱহাৰ অতি-বিপজ্জনক। আৰু সদায়েই ব্যৱহাৰ কৰা মাস্কসমূহ তাৎক্ষণিকভাৱে ছীল বেগত পেলাই দিয়ক।

● মাস্ক খোলাৰ পাছত সদায়েই চাবোন আৰু গৰম পানীৰে হাত ধুব। যদি সম্ভৱ নহয়, তেতিয়া এলকহল-যুক্ত হেণ্ড ছেনিটাইজাৰ (৬০% ইথানল বা ৭০% আইছ’প্ৰপানলতকৈ বেছি) ব্যৱহাৰ কৰক কিন্তু ইয়াৰ ঠিক পাছতেই গৰম পানী আৰু চাবোন ব্যৱহাৰ কৰিব

● পৰিধান কৰি থকা মাস্কটো নৰম/সেমেকি গ’লেই সেইটো সলাই এটা নতুন, চাফা, শুকান মাস্ক পিন্ধক

● এটা কথা মনত ৰাখিব যে মাস্ক ব্যৱহাৰ কৰাটো মাত্ৰ ব্যক্তিগত সুৰক্ষাৰ এটা অংশ, যাৰ সৈতে নিয়মিতভাৱে গৰম পানী আৰু চাবোনেৰে আপোনাৰ হাত ধোৱাটোও জড়িত হৈ আছে আৰু আপোনাৰ চকু, মুখ, কাণ আৰু নাককে ধৰি আপোনাৰ মুখমণ্ডলৰ কোনো অংশ স্পৰ্শ নকৰিব

● এই ক্ষেত্ৰত সজাগ হ’ব যে ফেচ মাস্কৰ যোগান সীমিত হ’ব পাৰে আৰু/বা স্থানৰ ওপৰত ভিত্তি কৰি দাম বৃদ্ধি হ’ব পাৰে

সা-সঁজুলিৰ নিৰাপত্তা

দূষিত সা-সৰঞ্জামৰ জৰিয়তে ক’ভিড-১৯ ৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বাস্তৱিক। এটি কঠোৰ পৰিস্কৰণ আৰু নির্বীজিতকৰণ ব্যৱস্থা ৰূপায়ণ কৰা উচিত আৰু সকলো সময়তে মানি চলিব লাগেঃ

সম্ভৱ হ’লে এটা নিৰাপদ দূৰত্বৰপৰা ডাইৰেকশ্যনেল ‘ফিছপ’ল’ মাইক্ৰ’ফ’ন ব্যৱহাৰ কৰক। স্বাস্থ্যবিধি প্ৰট’কল কঠোৰভাৱে মানি নিয়ন্ত্ৰণাধীন পৰিস্থিতিতহে মাথো ক্লিপ মাইক্ৰ’ফ’ন ব্যৱহাৰ কৰা উচিত

● প্ৰতিটো এচাইনমেন্টৰ অন্তত মাইক্ৰ’ফ’নৰ ক’ভাৰসমূহ ডিটাৰজেন্টৰে অধিক উষ্ণতাত ধুই পেলাব আৰু নিৰ্বীজিত কৰি পেলাব লাগে। কোনো সম্ভাৱ্য প্ৰতি কলুষিতকৰণ প্ৰতিৰোধ কৰিবলৈ কেনেকৈ সুৰক্ষিতভাৱে ক’ভাৰটো আঁতৰ কৰিব লাগে সেই সন্দৰ্ভত পথ নিৰ্দেশনা/প্ৰশিক্ষণৰ আবেদন জনাব লাগে। পৰিস্কাৰ কৰিবলৈ অসুবিধা ‘ৱাইণ্ড মাফ’ ধৰণৰ ক’ভাৰ সম্ভৱ হ’লে পৰিহাৰ কৰিবলৈ চেষ্টা কৰক

● সম্ভৱ হ’লে কম মূল্যৰ ইয়াৰপিচ ব্যৱহাৰ কৰক আৰু ইয়াক ডিছপ’জেবল হিচাপে গণ্য কৰক, বিশেষকৈ অভ্যাগতৰ বাবে। ব্যৱহাৰৰ আগেয়ে আৰু পাছত সকলো ইয়াৰপিচ পৰিস্কাৰ আৰু নিৰ্বীজিত কৰিব

● লক্ষ্যস্থানৰ সৈতে এটা নিৰাপদ দূৰত্ব বজাই ৰখাত সহায়ৰ অৰ্থে দূৰ দৃষ্টিসম্পন্ন লেন্স ব্যৱহাৰ কৰক

● য’ত সম্ভৱ হয়, কেব’লৰ সলনি ম’বাইল সা-সঁজুলি ব্যৱহাৰ কৰক

● এচাইনমেন্টত আপুনি কিদৰে আপোনাৰ সা-সঁজুলি মজুত কৰিব, সেই কথা বিবেচনা কৰিব। একো সা-সঁজুলি য’তে-ত’তে নেৰিব আৰু সকলোখিনি ইয়াৰ পাত্ৰত পুনৰ ভৰাই আৰু জপাই থ’ব (অৰ্থাৎঃ ভিন্ন প্ৰকাৰৰ হাৰ্ড চাইডেড ফ্লাইট কেছ, যাক পৰিস্কাৰ কৰিবলৈ অতি সহজ আৰু সেয়ে পৰিস্কাৰ কৰি ৰাখিব লাগে)

● যদি সম্ভৱ হয় আৰু ব্যৱহাৰিকভাৱে, সা-সঁজুলি ব্যৱহাৰৰ সময়ত ইয়াৰ কাষে-বাৰে থকা প্লাষ্টিকৰ আৱৰণ/সুৰক্ষা ফালি দিব নালাগে। ই সা-সঁজুলিৰ উপৰিভাগ দূষিত হৈ পৰাৰ সম্ভাৱনা হ্ৰাস কৰিব আৰু যাৰ বাবে পৰিস্কাৰ আৰু নিৰ্বীজিতকৰণ সহজতৰ হৈ পৰিব

● আপুনি সম্পূৰ্ণভাৱে চাৰ্জ থকা স্পেয়াৰ বেটাৰী লৈ ফুৰিব আৰু ক্ষেত্ৰত কোনো সা-সৰঞ্জাম চাৰ্জ দিয়াৰপৰা বিৰত থাকিব, কিয়নো ই হৈছে দূষিত হ’ব পৰা এটা অতিৰিক্ত সৰঞ্জাম

সদায়েই সকলোবোৰ সা-সঁজুলি মেলিছেপ্টলৰ দৰে ক্ষীপ্ৰ-ক্ৰিয়াশীল এন্টিমাইক্ৰ’বিয়েলৰে মচি সংক্ৰমণমুক্ত কৰিব, ইয়াৰ পাছত সম্পূৰ্ণকৈ নিৰ্বীজিত কৰি পেলাব, এইবোৰৰ ভিতৰত চেল ফোন, টেবলেট, লিড, প্লাগ, য়াৰফোন, লেপটপ, হাৰ্ড ড্ৰাইভ, কেমেৰা, প্ৰেছ পাছ আৰু লেনয়াৰ্ড সকলোবোৰ থাকিব

থকা ঠাইলৈ এইবোৰ ঘূৰাই আনোতে সকলো সা-সঁজুলিয়েই যে পুনৰ পৰিস্কাৰ কৰা হৈছে সেয়া নিশ্চিত কৰিব, এয়াও নিশ্চিত কৰিব যে সা-সঁজুলিবোৰৰ কাৰণে যি দায়বদ্ধ সেইসকলে আগতীয়াকৈয়ে জানে আৰু তেওঁলোক নিৰাপদে কেনেকৈ সা-সঁজুলিসমূহ পৰিস্কাৰ কৰিব লাগে তাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত। এইটোও নিশ্চিত কৰাটো প্ৰয়োজনীয় যাতে এটাও সা-সঁজুলি পৰিস্কাৰৰ বাবে দায়বদ্ধ লোকক পুনৰ চমজাই নিদিয়াকৈ য’তে-ত’তে পেলাই নথয় 

যদি এচাইনমেন্টৰ কাৰণে বাহন ব্যৱহাৰ কৰে, কোনো এচাইনমেন্টৰ পাছত যথোপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত গোটৰদ্বাৰা ইয়াৰ ভিতৰভাগ সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰাটো নিশ্চিত কৰিব। দৰ্জাৰ হেণ্ডেল, ষ্টিয়াৰিং হুইল, উইং মিৰ’ৰ, হেড ৰেষ্ট, ছিট বেল্ট, ডেছব’ৰ্ড আৰু উইনড’ ৱাইণ্ডাৰ/কেটচেছ/বাটনৰ প্ৰতি বিশেষ নজৰ দিয়াটো প্ৰয়োজনীয়

ইলেকট্ৰিকেল সা-সঁজুলিৰ পৰিস্কৰণ

তলত ইলেকট্ৰিকেল সা-সঁজুলিৰ পৰিস্কৰণ সন্দৰ্ভত কেতবোৰ সাধাৰণ নিৰ্দেশনা আগবঢ়োৱা হৈছে। আপুনি পৰিস্কাৰ কৰাৰ পূৰ্বে সদায়েই প্ৰস্তুতকৰ্তাৰ নীতি-নিৰ্দেশনা পঢ়ি লোৱাটো নিশ্চিত কৰিব।

● সকলোবোৰ শক্তিৰ উৎস, ডিভাইচ আৰু কেব’ল আনপ্লাগ কৰিব/খুলি পেলাব

● যিকোনো জুলীয়া পদাৰ্থ আপোনাৰ সা-সঁজুলিৰপৰা দূৰৈত ৰাখিব আৰু এৰ’জেল স্প্ৰে, ব্লিচ আৰু এব্ৰেছিভ ব্যৱহাৰ নকৰিব—এইসমূহে আপোনাৰ সা-সঁজুলি প্ৰায় নিশ্চিতভাৱে বিনষ্ট কৰিব

● কেতিয়াও আপোনাৰ ডিভাইচত কোনো দ্ৰব্য পোনপটীয়াভাৱে স্প্ৰে নকৰিব

● মাথো অক্ষয়কাৰী, কোমল, আঁহ-মুক্ত কাপোৰ ব্যৱহাৰ কৰিব

● কাপোৰখন তিয়াই বা ভিজাই দিয়ক, কিন্তু বুৰাই নাৰাখিব। কাপোৰখনত অলপ চাবোন লগাওঁক আৰু আপোনাৰ হাতেৰে কাপোৰখন ঘঁহি দিব

● ডিভাইচটো বহুবাৰ সম্পূৰ্ণকৈ পৰিস্কাৰ কৰিব 

● যিকোনো সা-সঁজুলিত কোনো তৰল পদাৰ্থ পৰিবলৈ নিদিব (চাৰ্জিং চকেট, য়াৰফোন চকেট, কীব’ৰ্ডৰ দৰে)

● এখন পৰিস্কাৰ, শুকান আৰু কোমল কাপোৰেৰে আপোনাৰ ডিভাইচ মচি পেলাব

● কোনো কোনো প্ৰস্তুতকাৰীয়ে যিকোনো কঠিন আৰু ছিদ্ৰ হীন পৃষ্ঠৰ অৰ্থে ৭০% আইচ’প্রপাইল এলকহল ৱাইপৰ পৰামৰ্শ আগবঢ়ায়

● যদি আপোনাৰ সা-সঁজুলি নিৰ্বীজিত কৰে, সদায় প্ৰথমে প্ৰস্তুতকাৰীক সুধি ল’ব, কিয়নো বীজাণুনাশকে আপোনাৰ ডিভাইচ অনিষ্ট কৰিব পাৰে

এই নিবন্ধটোৰ জৰিয়তে অধিক বিস্তৃত পৰামৰ্শ প্ৰত্যক্ষ কৰিবপৰা যাব।

ডিজিটেল নিৰাপত্তা

● সাংবাদিকসকলে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাব সন্দৰ্ভত তেওঁলোকৰ বাতৰি পৰিবেশনৰ ক্ষেত্ৰত বৰ্ধিত স্তৰৰ অনলাইন প্ৰতিকূলতাৰ মুখামুখি হ’বলগীয়াৰ কথাটোত সজাগ হ’ব লাগে। আক্ৰমণৰপৰা আপোনাক ৰক্ষা কৰিবলৈ চিপিজেৰ বেষ্ট প্ৰেক্টিছ চাওঁক 

● ক’ভিড-১৯ ৰ ব্যাপকতা অনুসৰণ কৰাৰ এটা পথ হিচাপে চৰকাৰ আৰু টেক কোম্পানীসমূহে বৰ্ধিত হাৰত নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে এনএছঅ’ গ্ৰুপ, যিয়ে পিগেচাছ প্ৰস্তুত কৰিছে, চিটিজেন লেবৰ মতে, ই হৈছে সাংবাদিকসকলক লক্ষ্য কৰি ল’বলৈ ব্যৱহাৰ কৰি অহা এটা স্পাইৱেৰ। এই স্বাস্থ্য সংকট শেষ হোৱাৰ পাছত জনসাধাৰণক লক্ষ্য কৰি এই নিৰীক্ষণ কৌশলসমূহ কেনেকৈ ব্যৱহাৰ কৰা হ’ব সেই সন্দৰ্ভত নাগৰিক স্বাধীনতা সংস্থাসমূহ উদ্বিগ্ন হৈ পৰিছে। ট্ৰেন্সপাৰেঞ্চী ইন্টাৰনেশ্যনেলে তেওঁলোকৰ ৱেবচাইটত এই বিশ্বজনীন পৰিঘটনাবোৰৰ গতি-বিধি লক্ষ্য কৰি আছে

● বাতৰি অনুসৰি, অপৰাধীয়ে অব্যাহত থকা স্বাস্থ্য সংকটৰ গইনা লৈ ভেকচিন প্ৰদানৰে সম্পৰ্কীয় কেলেংকাৰীৰে ব্যক্তি আৰু সংস্থাক লক্ষ্য কৰি লোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। ক’ভিড-১৯ বা ভেকচিন সম্পৰ্কীয় তথ্য সমৃদ্ধ লিংকসমূহ আপুনি ক্লিক বা নথিসমূহ ডাউনল’ড কৰাৰ পূৰ্বে ৰওঁক আৰু ভাবক। ইলেকট্ৰনিক ফ্ৰন্টিয়াৰ ফাউণ্ডেচনৰ মতে, এই দুষ্কৃতিকাৰীবিলাকে মিশ্ৰিত ফিছিং আক্ৰমণৰে আপোনাৰ ডিভাইচসমূহ বিনষ্ট কৰিব পাৰে। অনুশীলনৰ সতৰ্কতা এয়ে যে ছ’চিয়েল মিডিয়া বা মেছেজিং এপসমূহত কোনো ক’ভিড-১৯ সম্পৰ্কীয় লিংক ক্লিক কৰাৰ লগে-লগে কিছুমান চাইটৰে সংযোজিত কৰি আপোনাৰ ডিভাইচসমূহৰ ক্ষতি কৰিব পাৰে

দ্য গাৰ্ডিয়ান ত প্ৰকাশ পোৱা অনুসৰি, ৰাষ্ট্ৰৰদ্বাৰা প্ৰকাশিত ভুল তথ্যৰ প্ৰতি সচেতন হ’ব, একেদৰে সাধাৰণ ভুল তথ্যৰ ক্ষেত্ৰটো এনে সচেতনতা অৱলম্বন কৰিব লাগে, ইয়াৰে কিছুমানক ডব্লিউএইচঅ’য়ে এই সম্পৰ্কত বিশেষভাৱে সকীয়নি প্ৰদান কৰিছে আৰু বিবিচিয়েও ইয়াৰ দৃষ্টিগোচৰ কৰিছে। ডব্লিউএইচঅ’ৰ ৱেবচাইটত এখন মিথ বাষ্টাৰ গাইড উপলব্ধ

● অনলাইন কনফাৰেন্সিং আৰু গোপনীয়তা প্ৰসংগসমূহত অধ্যয়ন কৰিলে আপুনি এই সেৱাসমূহে আপোনাৰ তথ্যৰে কি কৰি আছে, তেওঁলোকে কিয় প্ৰৱেশ কৰে আৰু এয়া কিমান সুৰক্ষিত সেই সন্দৰ্ভত আপুনি জ্ঞাত হ’ব। এটা কথা মন কৰিব যে বৰ্ধিত সংখ্যক লোকে ঘৰৰপৰা কাম কৰা পৰিপ্ৰেক্ষিতত, সেৱাসমূহক হেকাৰে লক্ষ্য কৰি লৈছে 

● স্বৈৰাচাৰী শাসনতন্ত্ৰৰ দেশসমূহৰপৰা অহা বা/ আৰু বাতৰিৰদ্বাৰা অৱগত হোৱা বিপদ সংকুলতাক লৈ সজাগ হ’ব, যাৰ বাবে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাবৰ বাতৰিসমূহ মনোযোগৰে নিৰীক্ষণ কৰিব লাগিব। চিপিজেৰদ্বাৰা দৃষ্টিগোচৰ কৰা অনুসৰি, কেতবোৰ চৰকাৰে ক্ৰমাগতভাৱে কোনো প্ৰাদুৰ্ভাবৰ প্ৰসাৰণ লুকুৱাবলৈ চেষ্টা কৰিব পাৰে আৰু/বা সংবাদ মাধ্যমক চেন্সৰ কৰিবলৈ চেষ্টা চলাব পাৰে

এচাইনমেন্টত অপৰাধ ও শাৰীৰিক নিৰাপত্তা

● যদি আন্তঃৰাষ্ট্ৰীয় এচাইনমেন্ট (তলত চাওঁক) ৰ কাৰণে আপুনি ভ্ৰমণ কৰিব পাৰে, আপোনাৰ গন্তব্যস্থলত শেহতীয়া নিৰাপত্তাজনিত পৰিস্থিতি চালি-জাৰি চাব, মন কৰিব যে মহামাৰীটোৰ আৰম্ভণিৰেপৰা সমগ্ৰ বিশ্বখনতে বিক্ষিপ্ত হিংসাৰ ঘটনা আৰু প্ৰতিবাদ অব্যাহত আছে। একাংশ সাংবাদিকৰ বাতৰিক মৌখিকভাৱে উৎপীড়িত আৰু অপৰাধমূলকভাৱে লক্ষ্য কৰি লোৱা হৈছে, সেয়ে সুৰক্ষাৰ ক্ষেত্ৰত আপোচ নকৰিব

● গ্ৰামাঞ্চলসমূহৰপৰা বাতৰি পৰিবেশনৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’ব। আপুনি ক’ভিড-১৯ ৰ বীজাণু কঢ়িওৱাৰ সম্ভাৱনাৰ ভীতিক লৈ ‘বাহিৰৰপৰা অহা লোক’ ৰ প্ৰতি জনসাধাৰণ সন্দেহবাদী আৰু/বা ক্ৰোধান্বিত হৈ উঠিব পাৰে

● ক’ভিড-১৯ ৰ বাবে লকডাউনৰ ব্যৱস্থাৰাজিৰ পৰিপ্ৰেক্ষিতত শাৰীৰিক আতিশয্য আৰু কন্দুৱা গেছৰ ব্যৱহাৰৰ দৰে আৰক্ষীৰ সম্ভাৱ্য কঠোৰ পৰিণাম সন্দৰ্ভত সজাগ থাকিব

চিপিজেৰদ্বাৰা দৃষ্টিগোচৰ কৰোৱা অনুসৰি, স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ দেশসমূহৰ সাংবাদিকসকলে ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাবৰ বাতৰি পৰিবেশন কৰোতে ডিটেনশ্যন, গ্ৰেপ্তাৰ আৰু/বা নিৰ্বাসনৰ ভীতিক লৈ সজাগ হোৱা উচিত

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ এচাইনমেন্টসমূহ

গোলকীয় ভ্ৰমণত প্ৰতিবন্ধকতাৰ হেতু, আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ প্ৰত্যাহ্বানমূলক হৈ আছে। যদি বিদেশত এচাইনমেন্ট সম্ভৱ হয় আপুনি তলত উল্লেখ কৰা বিন্দুবোৰ বিবেচনা কৰাটো উচিত হ’বঃ

● আপোনাৰ গন্তব্যস্থানত বলবৎ থকা আৰু/বা কাৰ্যকৰী হ’বলগীয়া নিষেধাজ্ঞা পৰীক্ষা কৰিব, যি চমু জাননীত সলনি হ’ব পাৰে

● এখন দেশৰ বিভিন্ন প্ৰান্তত লকডাউনৰ ব্যৱস্থাৰাজি আৰু/বা সান্ধ্য আইন যে ভিন্ন হ’ব পাৰে, সেই সন্দৰ্ভত সজাগ হ’ব। মন কৰিব যে চমু জাননীৰে বা জাননী বিহীনভাৱেই স্থানীয় লকডাউনৰ ব্যৱস্থাৰাজি বলবৎ হ’ব পাৰে, সেয়ে সদায়েই দেশখনৰ ভিতৰত কোনো চলা-চলৰ বাধা-আৰোপৰ বাতৰিৰ বাবে স্থানীয় সূত্ৰ নিৰীক্ষণ কৰিব

শেহতীয়াকৈ প্ৰত্যক্ষ কৰা স্পেইনৰপৰা যুক্তৰাজ্যলৈ মানুহ উলটি অহাৰ দৰে আপুনি উলটি অহা স্থানৰ ওপৰত নিৰ্ভৰ কৰি চমু জাননী বা জাননী বিহীনভাৱেই প্ৰত্যাৱৰ্তন ব্যৱস্থাৰাজিত কোৱাৰেন্টাইন প্ৰৱৰ্তন/সংশোধনী কৰা হ’ব পাৰে

● আপুনি যাবপৰা অঞ্চলটোৰ সকলো চিকিৎসা প্ৰদান ব্যৱস্থা চিনাক্ত কৰক, মন কৰিব যে চমু জাননী বা জাননী বিহীনভাৱেই স্বাস্থ্যকৰ্মীসকলে ধৰ্মঘট বা প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে

● মেডিকেল পিপিইৰ উপলব্ধতা সীমিত, উপলব্ধতা শূন্য আৰু/বা মানদণ্ড সন্দেহজনক হ’ব পাৰে। কোনো এচাইনমেন্টৰ পূৰ্বে সদায়েই উপলব্ধতা চালি-জাৰি চাব আৰু যদি প্ৰয়োজন হয় আপোনাৰ লগত মজুত ৰাখিব

সম্ভৱ হ’লে এচাইনমেন্টত যোৱাৰ পূৰ্বে ক’ভিডৰ ভেকচিন গ্ৰহণ বা গ্ৰহণৰ চেষ্টা কৰিব আৰু সকলো সম্পৰ্কীয় টিকাগ্ৰহণ নিশ্চিত কৰিব আৰু সঠিক সময়ত আপোনাৰ লক্ষ্যস্থানৰ বাবে ৰোগৰ নিৰোধ-উপাচাৰ সাজু কৰি ৰাখিব

● আপোনাৰ ভ্ৰমণ বীমা পলিচি পৰীক্ষা কৰিব, উল্লেখ্য যে ক’ভিড-১৯ সম্পৰ্কীয় ভ্ৰমণৰ অৰ্থে ক’ভাৰ লাভ কৰাটো সম্ভৱ নহ’বও পাৰে। আন্তৰাষ্ট্ৰীয় ভ্ৰমণ সম্পৰ্কে বেছিভাগ চৰকাৰেই ভিন্ন পৰ্যায়ৰ ভ্ৰমণ উপদেশ আৰু সতৰ্কতা জাৰি কৰাক লৈ সজাগ হ’ব

● আপুনি উপস্থিত থকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা যিকোনো কাৰ্যসূচীৰ পৰিস্থিতি নিয়মিতভাৱে পৰীক্ষা কৰিব, এইটোও মন কৰিব যে বহু দেশেই ৰাজহুৱা সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বা এক নিৰ্দিষ্ট সংখ্যক লোকতকৈ অধিক সমাগম বাৰণ কৰিছে

● বিশ্বজুৰি বহু স্থল সীমান্ত বন্ধ কৰা হৈছে। পুনৰ মুকলি হোৱা কোনো সীমান্ত সাৱধানবাণী অবিহনেই পুনৰ বন্ধ হ’ব পাৰে, আপোনাৰ সম্ভাৱ্য পৰিকল্পনাত এই দিশটো অন্তৰ্ভুক্ত হ’ব লাগে

● যদি আপুনি ৰোগাক্ৰান্ত হৈ আছে তেতিয়া ভ্ৰমণ নকৰিব। বেছিভাগ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিমানবন্দৰত, একেদৰে পৰিবহণ কেন্দ্ৰসমূহত কটকটীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

● মন কৰিব যে বাতৰি অনুসৰি, ক’ভিড-১৯ ৰ বাবে বহু বিমান সংস্থা বৃহৎ আৰ্থিক সংকটৰ মুখামুখি হৈছে, সেয়ে সম্পূৰ্ণৰূপে ফেৰতযোগ্য (refundable) বিমানৰ টিকট ক্ৰয়ৰ কথা বিবেচনা কৰিব

● আপোনাৰ লক্ষ্যস্থানৰ কাৰণে শেহতীয়া ভিছাৰ ৰেহৰূপ পৰীক্ষা কৰক, মন কৰিব যে অনেক দেশে ভিছা প্ৰদান প্ৰক্ৰিয়া বন্ধ কৰিছে

● আপুনি যে ক’ভিড-১৯ মুক্ত সেয়া প্ৰমাণ কৰিবলৈ আপোনাৰ গন্তব্য দেশে মেডিকেল চাৰ্টিফিকেট বিচাৰিব নেকি সেয়া জানি ল’ব

স্বাস্থ্য পৰীক্ষা আৰু উষ্ণতা পৰীক্ষা স্থলৰ প্ৰতিষ্ঠাৰ পৰিপ্ৰেক্ষিতত নমনীয় ভ্ৰমণপথ গ্ৰহণ কৰিব আৰু বিশ্বজুৰি বিমানবন্দৰসমূহত অতিৰিক্ত সময় ধাৰ্য কৰিব। একেখিনি কথা কেতবোৰ ৰেল ষ্টেচন, বন্দৰ/জাহাজ ঘাট আৰু দূৰণিবটীয়া বাছ ষ্টেচনতো প্ৰযোজ্য

এচাইনমেন্টৰ পাছত

● যিকোনো লক্ষণৰ চিনৰ কাৰণে সময়ে সময়ে আপোনাৰ স্বাস্থ্য নিৰীক্ষণ কৰিব

● অতি-বিপদ সংকুল স্থানৰপৰা উলটি অহাৰ পাছত আপোনাক স্ব-নিলগীকৰণ (self-isolate) ৰ প্ৰয়োজন হ’ব পাৰে। স্পষ্টতাৰ অৰ্থে অনুগ্ৰহ কৰি প্ৰাসংগিক চৰকাৰী পৰামৰ্শ পৰীক্ষা কৰক

● আপোনাৰ গৃহ দেশ আৰু আপোনাৰ গন্তব্য দেশ উভয়তে কাৰ্যকৰী কৰা কোনো কোৱাৰেন্টাইন আৰু আইছ’লেচন পদ্ধতিকে ধৰি ক’ভিড-১৯ ৰ ওপৰত শেহতীয়া বিবৃতি আৰু তথ্য নিৰীক্ষণ কৰক

● আপুনি থকা দেশত সংক্ৰমণৰ হাৰৰ ওপৰত ভিত্তি কৰি, আপুনি উলটি অহাৰ পাছৰ ১৪ দিন আপোনাৰ নিকট সান্নিধ্যলৈ অহা ব্যক্তিৰ নাম/সংখ্যাসমূহৰে আপুনি এখন তালিকা প্ৰস্তুত কৰাটো প্ৰয়োজনীয় হৈ উঠিব। আপোনাৰ লক্ষণে দেখা দিয়াৰ আৰম্ভ হোৱাৰ লগে লগে ইয়ে সম্ভাৱ্য যোগাযোগ অনুসৰণ কৰাত সহায় কৰিব

যদি আপোনাৰ লক্ষণসমূহে দেখা দিয়েঃ

  • যদি আপোনাৰ ক’ভিড-১৯ ৰ লক্ষণে দেখা দিয়ে বা লক্ষণ পৰিস্ফূত হয়, যিমানেই নৰম নহওঁক কিয়, আপোনাৰ মেনেজমেন্ট টীমক অৱগত কৰক আৰু বিমানবন্দৰ বা আন পৰিবহণ কেন্দ্ৰৰপৰা আপোনাৰ ঘৰলৈ যথোপযুক্ত যাতায়াতৰ কাৰণে তেওঁলোকৰ সৈতে কাম কৰক। সাধাৰণভাৱে টেক্সী নল’ব 
  • আপোনাক আৰু আপোনাৰ সমাজখনক সুৰক্ষিত কৰিবলৈ ডব্লিউএইচঅ’, চিডিচি বা স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰণ কৰক 
  • যেতিয়া আপোনাৰ লক্ষণ আৰম্ভ হয় তেতিয়াৰপৰা অতিকমেও ৭ দিনলৈ আপোনাৰ ঘৰৰপৰা বাহিৰ নহ’ব (আপোনাৰ চৰকাৰৰপৰা লাভ কৰা পৰামৰ্শ অনুসৰি সঠিক সময় ভিন্ন হ’ব পাৰে)। আপুনি যেতিয়া সংক্ৰমিত হ’ব এনে কৰিলে আপোনাৰ সমাজখনৰ আন আন সকলক সুৰক্ষিত কৰাত সহায় কৰা হ’ব 
  • সন্মুখৰ পৰিকল্পনা কৰক আৰু সহায়ৰ বাবে আনক কওঁক। আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰিবলৈ আপোনাৰ নিয়োগকৰ্তা, বন্ধু-বৰ্গ আৰু পৰিয়ালৰ লোকক কওঁক আৰু তেওঁলোকক আপোনাৰ সন্মুখৰ দুৱাৰৰ বাহিৰতে সেয়া থৈ যাবলৈ কওঁক 
  • সম্ভৱ হ’লে আপোনাৰ ঘৰৰ আন লোকৰপৰা অনুমোদিত নিৰাপদ দূৰত্বত থাকিব আৰু সম্ভৱ হ’লে অকলে শুব 

চিপিজেৰ অনলাইন ছেফটি কিটে সাংবাদিকসকল আৰু নিউজৰুমক শাৰীৰিক, ডিজিটেল আৰু মনস্তাত্ত্বিক নিৰাপত্তা সমল আৰু সৰঞ্জামৰ ওপৰত এটা প্ৰাথমিক নিৰাপত্তা তথ্য আগবঢ়ায়, ইয়াত চিভিল আনৰেষ্ট আৰু নিৰ্বাচনসমূহৰ বাতৰি পৰিবেশনৰ প্ৰসংগও সামৰা হৈছে 

[সম্পাদকৰ টোকাঃ এই পৰামৰ্শাৱলী ২০২০ ১০ ফেব্ৰুৱাৰীত প্ৰথম প্ৰকাশ পাইছিল আৰু নিয়মীয়াভাৱে সংশোধন কৰি থকা হৈছে। শীৰ্ষত প্ৰকাশৰ তাৰিখটোৱে অতি শেহতীয়া সংশোধনীক সূচিত কৰিছে।