Voters stand in queues maintaining social distance at a polling station, during the first phase of state elections at Paliganj, in the eastern Indian state of Bihar, Wednesday, Oct. 28, 2020. With an overall declining coronavirus positive trend, Indian authorities decided to hold the first state legislature election since the outbreak of COVID-19. People began voting Wednesday in the country’s third largest state Bihar with of a population of about 122 million people. (AP Photo/Aftab Alam Siddiqui)

ভাৰতৰ ২০২১ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচন সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা সাংবাদিকসকলক উদ্দেশি চি পি জে’এ এলানি নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে।

সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী ভিন্ন ভাষাত উপলব্ধ আছে

নিউ য়ৰ্ক, ৮ মাৰ্চ, ২০২১ – ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত অনুস্থিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন সামৰি সংবাদ বিস্তাৰৰ সৈতে জড়িত থকা সম্পাদক, সাংবাদিক আৰু ফটো সাংবাদিক সকলক উদ্দেশি সাংবাদিক সুৰক্ষা সমিতি (চমুকৈ চি পি জে)এ এলানি নতুন নিৰ্বাচন কেন্দ্ৰিক সুৰক্ষা নিৰ্দেশনাৱলী যুগুত কৰি উলিয়াইছে।

এই বৰ্ষত ইতিমধ্যে, কৃষক আন্দোলন সামৰি প্ৰতিবেদন প্ৰস্তুত কৰা সাংবাদিককে ধৰি আন আন সাংবাদিকসকলৰ ওপৰত আক্ৰমণ চলোৱা, তেওঁলোকক আটক কৰা আৰু ন্যায়িক ভাবুকি দিয়াৰ দৰে অলেখ ঘটনা সংঘটিত হৈছে। চি পি জে’এ ইয়াৰ পূৰ্বে ২০১৯ত ভাৰতৰ ৰাষ্ট্ৰীয় তথা প্ৰাদেশিক নিৰ্বাচন কেন্দ্ৰিক ৰাষ্ট্ৰ-ভিত্তিক সুৰক্ষা পৰামৰ্শাৱলী প্ৰকাশ কৰিছিল। এই নিৰ্দেশনাৱলীখনৰ শেহতীয়া সংযোজনত কিছুমান নতুন প্ৰত্যাহ্বান যেনে, ক’ভিড-১৯ অতিমাৰীৰ সময়ত ল’বলগীয়া শাৰীৰিক সাৱধানতা, ভিডিঅ’ প্লেটফ’ৰ্ম সমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা আৰু দূৰৱৰ্তীভাবে কৰ্মৰত অৱস্থাত ল’ৱলগীয়া সাৱধানতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নিৰ্দেশনাৱলীখনত অনলাইন ভাবুকি প্ৰতিহত কৰিবৰ বাবেও কিছু পৰামৰ্শ দিয়া হৈছে। চি পি জে’ৰ গৱেষণাত পোৱা গৈছে যে, লক্ষ্যভিত্তিক অনলাইন অভিযানসহ, অন্যান্য অনলাইন নিৰ্যাতন নিৰ্বাচনৰ সময়ত বৃদ্ধি পায়।

চি পি জে’ৰ জ্যেষ্ঠ এছিয়া-ভিত্তিক গৱেষক আলিয়া ইফ্‌তিখাৰে কয়, “যিকোনো গণতন্ত্ৰত নিৰ্বাচনৰ আগমূহুৰ্তত নিৰ্বাচন সম্পৰ্কে নাগৰিকসকল অৱগত হোৱাটো গুৰুত্বপূৰ্ণ, আৰু এয়া সংবাদ মাধ্যম অবিহনে সম্ভৱ নহয়।“ তেওঁ আৰু কয়, “ভাৰতৰ সাংবাদিকসকলে নিৰ্বাচন আৰু যিকোনো ৰাজনৈতিক সালসলনি বিনাদ্বিধাই সামৰি সুৰক্ষিতভাবে প্ৰতিবেদন প্ৰস্তুত কৰিব পৰাটো অতি গুৰুত্বপূৰ্ণ; সেয়েহে আমি আশা কৰোঁ যে আমাৰ এই নিৰ্দেশনাৱলীখনে সাংবাদিকসকলক সুৰক্ষিতভাবে কাম কৰাত সহায় কৰিব আৰু তেওঁলোকক কিছু পৰিমাণে হ’লেও সকাহ দিব।“

নিৰ্দেশনাৱলীখন অসমীয়া, বাংলা, ইংৰাজী, হিন্দী, মালায়ালম আৰু তামিলত  উপলব্ধ আছে, আৰু লিখিত সমলসমূহ সাংবাদিক সুৰক্ষা সমিতি (চমুকৈ চি পি জে)ক উপযুক্ত কৃতিত্ব দি মুক্তভাবে পুনৰ প্ৰকাশ তথা ভাগ-বতৰা কৰিব পাৰে। চি পি জে’ৰ সম্পদ কেন্দ্ৰত  কাৰ্যৰ পূৰ্বপ্রস্তুতি আৰু ঘটনাৰ পৰৱর্তী কালৰ সহযোগিতা নামেৰে এলানি অতিৰিক্ত তথ্যকোষ তথা আহিলা মজুত আছে। সাংবাদিকসকলে যিকোনো ধৰণৰ সহায়ৰ বাবে চি পি জে’ৰ জৰুৰীকালীন বিভাগক [email protected]– ইমেইল যোগে যোগাযোগ কৰিব পাৰে, আৰু যিসকলে নিৰ্বাচন কেন্দ্ৰিক সুৰক্ষা অথবা ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কে চি পি জে’ৰ কোনো বিশেষজ্ঞৰ সাক্ষাৎকাৰ লব বিচাৰে তেওঁলোকে [email protected] – ইমেইলত যোগাযোগ কৰক।

###

চিপিজে হৈছে বিশ্বব্যাপী সংবাদ মাধ্যমৰ স্বাধীনতাৰ হকে কাম কৰা এক স্বতন্ত্ৰ, অপেছাদাৰী সংগঠন।

যোগাযোগ:

Bebe Santa-Wood

যোগাযোগ সহযোগী

[email protected]

+1-212-300-9032